“পৱিত্ৰ শাওঁন মাহ , কৃষকৰ সপোন আৰু ব’ল ব’ম”

Date:

Share post:

অসমীয়া  দিনপঞ্জীৰ  শাওঁন  মাহ  চতুৰ্থ মাহ আৰু  শ্ৰৱনা  নক্ষত্ৰৰ  সূৰ্য  অৱস্থানৰ   বাবে  এই  মাহৰনাম   শ্ৰৱন বা  শাওঁন  হৈছে।

শাওঁন  মাহ  মানেই  বৰষাৰ  দিন । ধাৰাষাৰ বৰষুনৰ লগে  লগে  আমাৰ  কৃষিজীৱি  অসমীয়া  মানুহৰ  মন  প্ৰাণ  নাচি  উঠে । কৃষকসকলৰ  গাত  তত্  নাইকিয়া  হয়। পথাৰবোৰ  পানীৰে  ভৰি  পৰাৰ  লগে  লগে  খেতিয়ক সকল   ধান খেতিৰ  বাবে  সাজু   হয়। সেয়েহে  শাওঁন  মাহ  কৃষকৰ  বাবে  হেপাহৰ  মাহ, সপোনৰ  মাহ, পেটৰ  ভাত  মুঠি  যোগাৰ  কৰাৰ  সময়। কৃষকে  সময়  চাই  কঠিয়া   পাৰে। গজালি  ওলোৱালৈকে  মাটিডৰা  হাল  মাৰি  চহ  কৰি  থয়।  বোকা  পানীৰে  ৰ’দত  তিৰবিৰাই  থকা  সৰু  সৰু আলিবোৰ  দেখিবলৈ  মনোমোহা   হৈ  পৰে । 

কঠিয়া  ৰোৱাৰ  প্ৰথম  দিনটোক

ন ভুই  ৰোৱা বা  গোজ  ৰোৱা  বুলি কোৱা  হয়। সুৰুযে  ভালকৈ  পোহৰ  নিদিওতেই   তেওলোক  পথাৰলৈ  ৰাওঁনা  হয়  আৰু  গৃহিনীও  পথাৰত  জলপান লৈ  যাবৰ  বাবে  সাজু  হয়।এই  দিনটোতে  গৃহিনীয়ে   তামোল  পান  আৰু  এগছি  বন্তি  জ্বলাই  শষ্য  ভাল  হবলৈ  ভগৱানৰ  ওচৰত  প্ৰাৰ্থনা  কৰি  বছৰটোৰ  প্ৰথম  কঠিয়া  মুঠি  হাতত  লৈ   ৰুই  দিয়ে।  শাওঁন  মাহৰ  প্ৰচণ্ড  গৰম  যদিও  মুকলি  পথাৰৰ  ৰিব্ ৰিব্  মলয়া  বতাহ  জাকে  ৰোৱনী আৰু  কৃষকৰ  দেহ  মন  শাত  পেলায়।

লাহে  লাহে  কৃষকৰ  এই  সপোন  ফলিয়াবলৈ ধৰে। পথাৰখন   ক্ৰমান্বয়ে সেউজীয়া  হৈ  পৰে।বতাহত  নাচি  বাগি  থকা  সেউজীয়া   পথাৰখন  দেখি  কৃষকৰ  মন  নাচি  উঠে ।সেয়েহে  এই  মাহটো  কৃষকৰ সপোন  ৰচাৰ  বতৰ  বুলি  জনা   যায়।

  শাওঁন  মাহৰ  এটা  উল্লেখযোগ্য  ধৰ্মীয়  উৎসৱ  হ’ল  ব’ল  ব’ম। এই  মাহটো   ভগৱান  শিৱৰ  মাহ  বুলি  গন্য  কৰা হয়। কোৱা  হয় এই মাহতে  পাৰ্বতীয়ে   মহাদেৱ  শিৱক   স্বামী ৰুপে   পাবলৈ   তপস্যা  কৰিছিল  আৰু  পাৰ্বতীৰ   আৰধনাত   সন্তুষ্ট   হৈ  মহাদেৱ  শিৱই  পাৰ্বতীৰ  লগত  বিয়া   পাতিছিল। সেয়েহে  এই  মাহত  বিশেষকৈ  সোমবাৰ দিনটোত  মহাদেৱক   পূজা  কৰিলে  মনোকামনা  সফল  হয়  বুলি  ভক্তসকলে বিশ্বাস  কৰে । 

শিৱপুৰাণৰ  মতে  দেৱতা  আৰু  দানৱে  মিলি  কৰা  সমুদ্ৰ  মন্থনৰ  ফলত  অমৃত  আৰু  গৰল(বিহ)  উৎপন্ন   হৈছিল  যাক  হলাহল  বুলি  কোৱা  হৈছিল।এই  হলাহলৰ  সমগ্ৰ  পৃথিৱী  ধ্বংস  কৰিব  পৰা  শক্তি  আছিল। জীৱকুলক  ৰক্ষা  কৰিবৰ  বাবে  তেতিয়া  মহাদেৱ  শিৱই  এই   হলাহল  পান  কৰে । এই  বিহ  মহাদেৱৰ  ডিঙিত   হেনো  ৰৈ   গৈছিল  সেয়েহে  তেওঁক   নীলকন্ঠ  বুলি  জনা  যায়। দেৱতাসকলে  তেতিয়া  শিৱক  এই  বৰবিহৰ  পৰা  ৰক্ষা  কৰিবলৈ  তেওঁৰ  গাত  পৱিত্ৰ  পানী  ঢালিছিল।

শিৱৰ  পৰম  ভক্ত  আছিল  ৰাৱণ । ৰাৱণে  গঙ্গাৰ  পানী  আনি  শিৱলিংগত  ঢালিছিল  বুলি  ভক্তসকলে  বিশ্বাস  কৰে  আৰু  সেয়েহে আন  আন  ভক্তসকলেও   অতীজৰে  পৰা নৈৰ  পৰা  পানী  আনি  এই  শাওঁন  মাহতে  শিৱলিংগত  ঢালে।

এই  ব’লব’মত   ভক্তসকলে  এডাল  মাৰিৰ দুয়োফালে  ঘটীৰ  দৰে  পাত্ৰ  ওলোমাই   লৈ  যায়। এই  সজুলিটোক   কাৱাৰ   আৰু ভক্তগনক  কাৱাৰীয়া  বুলি  কোৱা   হয়।

শিৱপুৰাণত এই   বিষয়ে  বিতংভাৱে  জনা যায়।  শিৱভক্তসকলে  সূৰ্য   উদয়  নোহোৱাৰ আগতেই  গেৰুৱা   বস্ত্ৰ   পৰিধান  কৰি   দলে বলে  গৈ   নৈৰ  পানী  আনিবলৈ    যায়। যাত্ৰাত  শিৱৰ  নাম  লৈ  ব’ল  ব’ম (ব’ল মানে কোৱা বা লোৱা, ব’ম মানে  শিৱৰ  নাম) বুলি  ভক্তসকলে  কৈ  যোৱা  বাবে   ইয়াক ব’ল ব’ম বুলি  কোৱা  হয়। এই  ব’ল ব’মৰ   আমাৰ  সমাজত   আধ্যাত্মিক  গুৰুত্ব   আছে  যদিও  আজিকালি  ঠায়ে   ঠায়ে  ইয়াৰ  বিভৎস  ৰূপ দেখা  যায়।  কিছুমানে  ইয়াক  বনভোজৰশাৰীলৈ  লৈ  গৈছে। জনপ্ৰিয়  হিন্দী  গানৰ সুৰত  কিছুমান  ভক্তিমূলক  শব্দ  সুমুৱাই  উচ্চস্বৰত  লাউড  স্পীকাৰত   গান  বজাই এক  অসহ্যকৰ  পৰিবেশ  সৃষ্টি   কৰা  দেখা  যায়। কিছুমানে   ৰাগিয়াল  বস্তুও   সেৱন  কৰি  গাড়ীত  জপিয়াই  জপিয়াই  অহা  দেখা   যায়।ধৰ্মৰ  নামত  এই   অপসংস্কৃতি  বন্ধ  হব  লাগে অনথ্যা  ব’লব’মৰ   নামত  এক   অসুস্থ  বাতাবৰণ   আমাৰ  ভৱিষ্যত   প্ৰজন্মই   দেখা    পাব। ব’ল ব’ম এক  পৱিত্ৰ  ধৰ্মীয়  উৎসৱ  হওঁক   যত  সকলোৰে  মন  প্ৰাণ  এক  হৈ  একতাৰ  ডোলেৰে  বান্ধ  খাই  পৰক  আৰু  সমাজখনৰ পৰা  আসুৰিক  শক্তিবোৰ  আতৰাই  এখন   সুস্থ  সমাজ  গঢ়াত  সহায়  কৰক।

: কিৰণ দাস, গুৱাহাটী

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: