জ্যেষ্ঠ সহায়ক-নাট্যকৰ্মী ভাস্কৰজ্যোতি দাস সহ শিৱসাগৰ জিলাৰ পৰা চাৰিজন কৰ্মচাৰীয়ে লাভ কৰিলে লোকসেৱা পুৰস্কাৰ-২০২২

শিৱসাগৰৰ পৰা ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ  ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৫ আগষ্টত উদ্‌যাপন কৰা “লোক কল্যাণ দিৱস”ৰ দিনটোতে শিৱসাগৰ জিলাৰ পৰা বিভিন্ন বিভাগৰ মুঠ চাৰিজন কৰ্মচাৰীয়ে লাভ কৰিলে লোকসেৱা পুৰস্কাৰ-২০২২ । লোক কল্যাণ দিৱস উপলক্ষে শিৱসাগৰ যুৱদলত জিলা প্ৰশাসনৰ উদ্যোগত অনুস্থিত এক সভাত উপায়ুক্ত মেঘ নিধি দাহালে জিলাখনৰ লোকসেৱা পুৰস্কাৰ প্ৰাপ্ত কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে । ভাষণ প্ৰসঙ্গত তেখেতে কয় যে, এটা কাৰ্য্যালয়ৰ মূল চালিকা শক্তি হৈছে কৰ্মচাৰী সকল । কৰ্মচাৰীসকলে সততা আৰু নিষ্ঠা সহকাৰে নিজ নিজ কৰ্ম সম্পাদন কৰি জনসাধাৰণক সেৱা আগবঢ়াব লাগে । পৰৱৰ্তী বৰ্ষত এই পুৰস্কাৰৰ বাবে শিৱসাগৰ জিলাৰ বিভিন্ন বিভাগৰ পৰা অধিক কৰ্মচাৰীৰ নাম প্ৰেৰণ কৰিব পৰা যাব বুলি উপায়ুক্ত গৰাকীয়ে আশা ব্যক্ত কৰে । সভাৰ আৰম্ভণিতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰে সভাৰ বিশিষ্ট অতিথি তথা থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে । লোক কল্যাণ দিৱসৰ নিৰ্দিষ্ট বক্তা শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক প্ৰবীণ শৰ্মাই ভাৰত ত্যাগ আন্দোলনত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদান আৰু অসমীয়া জাতি গঠনত তেখেতৰ বলিষ্ঠ পদক্ষেপৰ বিষয়ে এক সাৱলীল বক্তব্য প্ৰদান কৰে । আনহাতে থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহায়ে ভাষণ প্ৰসঙ্গত কৰ্মচাৰীসকলক সেৱাৰ মনোবৃত্তিৰে নিস্বাৰ্থভাৱে জনসাধাৰণৰ কাম কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে, অসম চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰদান কৰা লোকসেৱা পুৰস্কাৰপ্ৰাপ্ত শিৱসাগৰ জিলাৰ কৰ্মচাৰীসকল হৈছে নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়ক তথা নাজিৰ অশোক বৰুৱা, শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয়ৰ উন্নয়ন আৰু ৰূপান্তৰ শাখাৰ জ্যেষ্ঠ সহায়ক ভাস্কৰজ্যোতি দাস, শিৱসাগৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ৰ এম.পি.ডব্লিউ.(MPW) মুস্তাফিজ ৰফিক আহমেদ, শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয়ৰ নিৰ্বাচন শাখাৰ কৰ্মচাৰী ডি কুমাৰ পাতিৰি। উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী তথা সাংস্কৃতিককৰ্মী ৰুমিন বৰুৱাই আঁত ধৰা উক্ত সভাত জিলাখনৰ বহু গণ্য-মান্য ব্যক্তি সকলৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে, জিলা উন্নয়ন আয়ুক্ত শোভণ কুমাৰ গোৱলা, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা আৰু অতিৰিক্ত উপায়ুক্তসকল উপস্থিত থাকে ।

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

Rs 5-crore bell-metal entrepreneur’s loans to be written off

Guwahati: Assam chief minister Himanta Biswa Sarma, during a day-long visit to Barpeta district on 29 September, took part in a number of events...

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং। টুইট যোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী...

PFI নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া  আৰু ইয়াৰ সহযোগী বা সংযুক্ত মৰ্চাসমূহক ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিষিদ্ধ সংগঠন হিচাপে ঘোষণা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: