স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে বিজেপিৰ “ধন্যবাদ যাত্ৰা” কাৰ্যসূচী

Date:

Share post:

প্ৰাগজ্যোতিষ বাৰ্তা ঃ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত “হৰ ঘৰ তিৰংগা” কাৰ্যক্ৰমৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কোষ আৰু বিভাগ সমূহে ১৪ আগষ্ট তাৰিখে ধন্যবাদ যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। এই উপলক্ষে কোষ আৰু বিভাগৰ এক সজাতি দলে গুৱাহাটীস্থিত মুক্তি যুঁজাৰ তথা তেখেত সকলৰ পৰিয়াল আৰু সমাজলৈ অনবদ্য অবদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক ঘৰে ঘৰে গৈ সন্মানিত কৰে।

সজাতি দলটোৱে স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰ, লোহিত চি লহকৰ,গোপাল গোস্বামী,উপেন দাস, ভাৰত চন্দ্ৰ ভৰালী (নিৰালা),যাদৱ গোস্বামী; সমাজকৰ্মী আৰু সংস্কাৰক পদ্মশ্ৰী অজয় দত্ত,জ্যেষ্ঠ সাংবাদিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, জ্যেষ্ঠ সাংবাদিক তথা লেখক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, কবি লক্ষ্য হীৰা দাস, প্ৰথম এএছআই (মহিলা), অসম গীতিকাৰ ৰেণু দত্ত বৰফুকনৰ বাসগৃহত উপস্থিত হয় তথা সন্মানিত কৰে


যুৱ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক এনে মহান ব্যক্তি সকলৰ বাসগৃহত উপস্থিত হৈ সজাতি দলটো যথেষ্ট গৌৰৱ অনুভৱ কৰা বুলি ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ নীতি গৱেষণা, দক্ষতা বিকাশ,সমবায়, পেছাদাৰী, তথ্য প্ৰযুক্তি, সামাজিক মাধ্যম, অসংগঠিত শ্ৰমিক আৰু শিপিনী কোষৰ আহ্বায়ক, সহ আহ্বায়ক আৰু কোষৰ সদস্য সকলে আয়োজন কৰিছিল।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: