মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ তৎপৰতাত বিজেপিত প্ৰাক্তন আছুনেতাসহ তিনিশতাধিকৰ যোগদান

Date:

Share post:

প্ৰাগজ্যোতিষ বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞাঃ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তুলিবলৈ তৎপৰ হৈ উঠিছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা।
উল্লেখযোগ্য যে এসময়ত কংগ্ৰেছৰ দুৰ্গ খ্যাত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পোন প্ৰথম বাৰৰ বাবে ভাস্কৰ শৰ্মাৰ জড়িয়তে দখললৈ অহাৰ পাছত বিজেপি ভেটি অধিক শক্তিশালী হৈ পৰে।

পৰৱৰ্তী সময়ত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা ভাস্কৰ শৰ্মাই বিধায়ক নিৰ্বাচিত হয়। ইয়াৰ পাছৰপৰাই মাৰ্ঘেৰিটাৰ সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে বিধায়ক ভাস্কৰ শৰ্মাই।বিধায়ক গৰাকীৰ তৎপৰতাত আজি বিজেপিৰ প্ৰতি আকৃষ্ট হৈ জাতীয়তাবাদী শিবিৰৰ লগতে কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠৰ লোকে দলটোত যোগদান কৰে। এই উদ্দেশ্যে পেঙেৰিত আজি অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন উপ সভাপতি বিপ্লৱ নেওগ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পাচ নং বুঢ়ীদিহিং সমষ্টিৰ সদস্য জীৱন সোনোৱাল প্ৰাক্তন ছাত্ৰ নেতা,অনুপম গগৈ , অসম নেপালী সাহিত্য সভাৰ হিমাল পাণ্ডে চেত্ৰী মটক সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি কিৰণ দুৱৰা বকুল চেতিয়া ডিগবৈ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি যোগেন মেচ কংগ্ৰেছী নেতা, জয়ন্ত সোণোৱালৰ লতে , যোগদান কৰে বিভিন্ন দল-সংগঠনৰ কেইবা গৰাকী সদস্যই। বুঢ়ীদিহিং মণ্ডলৰ সভাপতিৰ ভাদেশ্বৰ মৰাণৰ পৌৰহিত্যত অনুষ্ঠিত যোগদান কাৰ্যসূচীত বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি কুশকান্ত বৰা সাধাৰণ সম্পাদক দিগন্ত পাদুন,ধমেন্দ বৰা পুলক চেতিয়া , লগতে বিজেপি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে। ইফালে বিৰোধী দলৰ প্ৰতি আস্থা নথকাৰ বাবেই আজি জনসাধাৰণে বিজেপি দলত যোগদান কৰা বুলি মন্তব্য কৰাৰ লগতে মাৰ্ঘেৰিটা সমষ্টিটো ২৫ বছৰে কংগ্ৰেছ দলে দখল কৰা পাছতো সামগ্ৰিক উন্নয়ন নোহোৱা বুলি মত প্ৰকাশ কৰে বিধায়ক ভাস্কৰ শৰ্মাই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: