ৰঙিয়াত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সম্পন্ন

Date:

Share post:

মানব ডেকা,বাইহাটা চাৰিআলিঃ প্রাচীন কামৰূপৰ নাভিকেন্দ্র স্বৰূপ কুমাৰ ভাস্কৰ বাৰ্মা, মহাৰাজ পৃথু, হৰদত্ত-বিৰদত্তৰ স্মৃতি বিজড়িত ঐতিহাসিক ৰঙিয়া চহৰত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ৰঙিয়াৰ হৰদত্ত -বিৰদত্ত ভৱনত আয়োজিত কাৰ্যনিৰ্বাহক সভাত আদৰণী ভাষণ আগবঢ়াই ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধান্কু অংকুৰ বৰুৱাই কয় যে সু-সংগঠিত যুৱ মৰ্চাই অনাগত দিনত প্রায় দুই লক্ষ যুৱক যুৱতীক নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ সংকল্প গ্রহণ কৰিছে।

সমগ্ৰ অসমৰ চল্লিশ খন সাংগঠনিক জিলাৰ পৰা চাৰি শতাধিক প্ৰতিনিধি উপস্থিত থকা সভাখনত ৰাজ্যিক বিজেপিৰ সভাপতি ও ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা ,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ,ৰাজ্যিক সাধাৰণ সম্পাদক তথা যুৱ মৰ্চাৰ প্ৰভাৰী ডিপ্লু ৰঞ্জন শর্মা, কেবিনেট মন্ত্রী বিমল বৰা ,কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ,হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া , ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা ,ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ সভাপতি অভিনৱ প্ৰকাশ উপস্থিত থাকে। সভাত সাংসদ দিলীপ শইকীয়া দেবে ভাৰতীয় জনতা পাৰ্টিয়ে বহু ঘাট প্ৰতিঘাটৰ মাজেৰে আহি বৰ্তমান এই সময় পাইছে বুলি মত প্ৰকাশ কৰে।

ভবেশ কলিতাই বৰ্তমান যুৱ প্ৰজন্মকএক আদৰ্শৰ মাজেৰে আহি কৰ্ম সংস্কৃতিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ মত পোষণ কৰে। উল্লেখ্য যে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধান্কু অংকুৰ বৰুৱাই পুঠিমাৰী কেন্দুকোনাৰ পৰা এক বিশাল বাইক ৰেলীৰে ৰঙিয়াত উপস্থিত হয়।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: