মাৰ্ঘেৰিটাত ভোজপুৰী সম্প্ৰদায়ৰ তীজ উৎসৱ উদযাপনন

Date:

Share post:

প্ৰাগজ্যোতিষ বাৰ্তা পেঙেৰিৰ পৰা অৰুণ ভূঞা: ভোজপুৰী সম্প্ৰদায়ৰ মহিলাসকলে পালন কৰা এটি অন্যতম উৎসৱ হৈছে তীজ উৎসৱ।দেওবাৰে অসম নেপালী সাহিত্যসভা ভৱনত “জয় ভোজপুৰী জয় ভোজপুৰিয়া” অসমৰ উদ্যোগত মাৰ্ঘেৰিটাত উলহমালহেৰে ভোজপুৰী ভাষী অসমীয়া মহিলাসকলে তীজ মহোৎসৱ উৎযাপন কৰে।এই তীজ উৎসৱত দেৱাদিদেৱ মহাদেৱ ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক মহিলাসকলে নিজৰ বৈবাহিক জীৱনৰ লগতে পৰিয়ালৰ সদস্যসকলৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটা পৌৰ সভাৰ পৌৰপতি আনন্দ শৰ্মা, মাৰ্ঘেৰিটাৰ বিশিষ্ট সমাজকৰ্মী দেবেন্দৰ পাণ্ডে,সাংবাদিক মিথুন বৰুৱা আব্দুল আলিম,বিকাশ বৰুৱা, অশোক আগৰৱাল মাৰ্ঘেৰিটাৰ সমাজকৰ্মী, চিলড্ৰেন ফেনচ ক্লাব (এনজিঅ’)ৰ সভাপতি পাপু চাহ, অসম নেপালী সাহিত্য সভাৰ মাৰ্ঘেৰিটা জিলা সভাপতি জুন প্ৰধান। কমলেশ কুমাৰ দুবে, ওম প্ৰকাশ চাহ, “জয় ভোজপুৰী জয় ভোজপুৰীয়া” অসম শাখা সমন্বয়ক মায়া চৌবে লগতে মাৰ্ঘেৰিটাৰ বহু সংখ্যক গণ্য মান্য ব্যক্তি ।

তিনিচুকীয়া, ডিব্ৰুগড়, ধলা, শদিয়া, ডুমডুমা, ডিগবৈ আৰু মাৰ্ঘেৰিটাৰ মহিলাসকলে উক্ত অনুষ্ঠানত পৰম্পৰাগত ভোজপুৰী গীত আৰু নৃত্য পৰিৱেশন কৰে। সমগ্ৰ অনুষ্ঠানটোৰ পৰিচালনা কৰে” জয় ভোজপুৰী জয় ভোজপুৰিয়া অসম শাখা সমন্বয়ক মায়া চৌবেই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: