অভিভাৱক মন্ত্রীৰ জিলাৰ দায়িত্ব সাল-সলনি

Date:

Share post:

প্ৰাগজ্যোতিষ বাৰ্তা:  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীসকলৰ দায়িত্বৰ সাল সলনি ঘটাইছে ।  অভিভাৱক মন্ত্রীক নতুন দায়িত্ব অৰ্পণেৰে তালিকা প্ৰকাশ কৰা হৈছে। সেই অনুসৰি মন্ত্রী অতুল বৰাক কামৰূপ মহানগৰ আৰু উত্তৰ লখিমপুৰৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে তেওঁৰ দায়িত্বত আছিল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। আনহাতে মন্ত্রী ৰণজিত কুমাৰ দাসক বঙাইগাঁও, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে বঙাইগাওঁ, ধুবুৰী আৰু বৰপেটা জিলা তেওঁৰ দায়িত্বত আছিল। দুখন জিলা সলনি কৰা হয়। সেইদৰে মন্ত্রী পীযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু কৰিমগঞ্জ জিলাৰ দায়িত্ব দিয়া হয়। পূৰ্বে তেওঁৰ দায়িত্বত আছিল শোণিতপুৰ, বিশ্বনাথ আৰু নগাওঁ জিলা। মন্ত্রী কেশৱ মহন্তক মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ আগতে তেওঁ গোলাঘাট আৰু মৰিগাওঁ জিলাৰ অভিভাৱক মন্ত্রী আছিল যদিও নতুনকৈ আৰু এখন জিলাৰ দায়িত্ব দিয়া হয়। মন্ত্রী পৰিমল শুক্লবৈদ্যক নগাঁও আৰু হোজাই জিলাৰ দায়িত্ব দিয়া হয়। পূৰ্বে তেওঁ হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই জিলাৰ দায়িত্বত আছিল। তেওঁক নতুনকৈ নগাঁও জিলাৰ দায়িত্ব দিয়াৰ দুখনৰ পৰা অ‍াঁতৰ কৰা হয়। সেইদৰে মন্ত্রী অজন্তা নেওগক যোৰহাট আৰু নলবাৰীৰ দায়িত্ব দিয়া হয়। ইয়াৰ আগতে তেওঁ নলবাৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ দায়িত্বত আছিল। মন্ত্রী ডাঃ ৰণোজ পেগুক শিৱসাগৰ, মাজুলী আৰু বৰপেটাৰ দায়িত্ব দিয়া হয়। পূৰ্বে তেওঁ শিৱসাগৰ আৰু যোৰহাট জিলাৰ দায়িত্বত আছিল। মন্ত্রী অশোক সিংঘালক কোকৰাঝাৰ আৰু গোৱালপাৰাৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে তেওঁ কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ দায়িত্বত আছিল।
সেইদৰে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ আৰু দৰং জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ আগতে তেওঁৰ দায়িত্বত আছিল দৰং, কামৰূপ আৰু কামৰূপ মেট্ৰ’ জিলা। কামৰূপ মহানগৰ জিলাৰ দায়িত্ব তেওঁৰ পৰা আঁতৰাই মন্ত্রী অতুল বৰাক দিয়া হয়। আনহাতে মন্ত্রী যোগেন মহনক কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্ব দিয়া হয়। পূৰ্বে তেওঁ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্বত আছিল। মন্ত্রী বিমল বড়াক চৰাইদেউ আৰু ওদালগুৰি জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ আগতে তেওঁ মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্বত আছিল। মন্ত্রী ইউ জি ব্ৰক্ষ্মক চিৰাং আৰু তামুলপুৰ জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে তেওঁ বাক্সা আৰু চিৰাং জিলাৰ দায়িত্বত আছিল। মন্ত্রী সঞ্জয় কিষানক ধেমাজি জিলাৰ দায়িত্ব দিয়া হয়। পূৰ্বে সঞ্জয় কিষান ধেমাজি আৰু লখিমপুৰ জিলাৰ দায়িত্বত আছিল। আনহাতে এইবাৰ অভিভাৱক মন্ত্রীৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা। মন্ত্রী জয়ন্ত মল্ল বৰুৱাক কাছাৰ, ধুবুৰী আৰু হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। পূৰ্বে কাছাৰ জিলাৰ দায়িত্বত আছিল মন্ত্রী অশোক সিংঘাল, ধুবুৰীৰ দায়িত্বত আছিল মন্ত্রী ৰণজিত কুমাৰ দাস আৰু হাইলাকান্দিৰ দায়িত্বত আছিল পৰিমল শুক্লবৈদ্য। আনহাতে মন্ত্রী নন্দিতা গাৰ্লোচাক বাক্সা আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: