ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে চাকৰিৰ নামত টকা লোৱাৰ গুৰুতৰ অভিযোগ

Date:

Share post:

মৃন্ময় ভট্ট,ৰঙিয়া ঃ ৰঙিয়াৰ এগৰাকী যুৱতীয়ে ফেচবুক যোগে চাকৰিৰ নামত পইচা ভৱেশ কলিতাৰ বিৰুদ্ধে ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যেভৱেশ কলিতাই জলসিঞ্চন বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থাকোতে জলসিঞ্চন বিভাগৰ চাকৰিৰ নামত টকা লোৱাৰ অভিযোগ আনে ৰঙিয়াৰ স্থানীয় যুৱতী জয়া কলিতাই।

ইয়াতেই ক্ষুদ্ধ হৈ আৰক্ষীৰ কাষ চাপে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। যদিও ৰঙিয়াৰ জয়া কলিতা নামৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বিধায়ক গৰাকীয়ে।
দলীয় কাৰ্যকতাসহ ভৱেশ কলিতা আজি ৰঙিয়া আৰক্ষী থানাত উপস্থিত হৈ মানহানিৰ গোচৰ তৰাৰ উপৰিও আদালতৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। অভিযোগ সত্য প্ৰমাণিত হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলি ঘোষণা কৰে ভৱেশ কলিতাই। ইফালে যুৱতী গৰাকীয়ে অনা ঘটনা সন্দৰ্ভত আৰক্ষী আৰু বিজেপি দলে সভাপতি কলিতাৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: