শিৱসাগৰত অগপ যুৱ পৰিষদৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

Date:

Share post:

শিৱসাগৰৰ পৰা ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ আঞ্চলিক দল অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ, শিৱসাগৰ বিধান পৰিষদৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা শিৱসাগৰৰ অন্তৰ্গত দৰবাৰ ফিল্ডৰ সমীপৰ অৰুণোদয় চিনিয়ৰ চেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হৈ যায় ৷ সভাত সভাপতিত্ব কৰে অসম যুৱ পৰিষদ শিৱসাগৰ বিধান পৰিষদৰ সভাপতি জ্যোতিষ ফুকনে ৷ আনহাতে উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদক মানৱেন্দ্ৰ বৰুৱাই ৷

উল্লেখযোগ্য যে, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা অসম ৰাজ্যিক নিষেধাজ্ঞা আয়োগৰ উপাধ্যক্ষ জিতু বৰগোঁহাই, উপ-সভাপতি সুশান্ত দত্ত, সাংগঠনিক সম্পাদক পৰাগ বুঢ়াগোঁহাই, অসম গণ পৰিষদ শিৱসাগৰ বিধান পৰিষদৰ সম্পাদক প্ৰৱীণ কোঁৱৰ, অগপ শিৱসাগৰ নগৰ পৰিষদৰ সম্পাদক চৰিফউদ্দিন আহমেদ, অগপ মহিলা পৰিষদৰ মুখ্য আহ্বায়িকা বৰ্ণালী হাজৰিকা, অজন্তা দত্তৰ লগতে শিৱসাগৰ অগপৰ কেইবাজনো জ্যেষ্ঠ কৰ্মকৰ্তাৰ উপস্থিতিত উক্ত কাৰ্য্যনিৰ্বাহক সভাই দলটিৰ সাংগঠনিক আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক দলৰ স্থিতি সবল আৰু শক্তিশালী কৰাৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: