শিৱসাগৰ জিলাত “অমৃত সৰোবৰ” আঁচনিৰ শুভাৰম্ভ বিধায়ক সুশান্ত বৰগোহাঁইৰ

অমৃত কুমাৰ শৰ্মা ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰঃ-দেশৰ শক্তিশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাতো “অমৃত সৰোবৰ” আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে ১৭ ছেপ্টেম্বৰত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত শুকানপুখুৰী, ৰূপজ্যোতি আৰু নঙলামৰা গাওঁ পঞ্চায়তৰ অধীনত “অমৃত সৰোবৰ” আৰু “প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ” কেইবাটাও গৃহ নিৰ্মাণৰ কাম থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে শুভাৰম্ভ কৰে ।

উল্লেখ্য যে, জিলাখনত মুঠ ৪২ টা “অমৃত সৰোবৰ” আঁচনিৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰিবলৈ যোজা কৰা হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰে ডিমৌ উন্নয়ন খণ্ডৰ অধীনত ৩৬ টা , গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনত ৪ টা আৰু নাজিৰা উন্নয়ন খণ্ডৰ অধীনত ২ টা কামৰ শুভাৰম্ভ কৰা হৈছে ।

উক্ত শুভাৰম্ভনী অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে, খণ্ড উন্নয়ন বিষয়া বিহংগিনী দাস ভাগৱতীৰ লগতে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সভাপতি/সভানেত্ৰী, সদস্যসকলৰ লগতে চৰকাৰী কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।৷

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

Rs 5-crore bell-metal entrepreneur’s loans to be written off

Guwahati: Assam chief minister Himanta Biswa Sarma, during a day-long visit to Barpeta district on 29 September, took part in a number of events...

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং। টুইট যোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী...

PFI নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া  আৰু ইয়াৰ সহযোগী বা সংযুক্ত মৰ্চাসমূহক ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিষিদ্ধ সংগঠন হিচাপে ঘোষণা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: