হৃৎক্ৰিয়াৰ সমস্যাত ভুগি হাস্পতালত ভৰ্তি হৈ থকা ৰাজু শ্ৰী বাস্তৱৰ মৃত্যু

Date:

Share post:

অন্ত পৰিল এটা যুগৰ ৷ নিদ্ৰা দেৱীৰ কোলাত চিৰদিনৰ বাবে শুই পৰিল দেশবাসীক হাঁহিৰ খোৰাক যোগোৱা ব্যক্তিজন   ৷ হৃৎক্ৰিয়াৰ সমস্যাত ভুগি হাস্পতালত ভৰ্তি হৈ থকা ৰাজু শ্ৰী বাস্তৱৰ মৃত্যু ঘটে ৷ 10 আগষ্টত ৰাজু শ্ৰীবাস্তৱক ভৰ্তি কৰোৱা হৈছিল দিল্লীস্থিত এইমছত ৷ নিউজ এজেঞ্চি এ এন আইয়ে জানিবলৈ দিয়ে যে শ্ৰীবাস্তৱৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে ৷ 42 দিন ধৰি AIIMS ত ভৰ্তি হৈ আছিল ৰাজু শ্ৰীবাস্তৱ ৷ জিমত ট্ৰেডমিলত খোজ কাঢ়ি থকাৰ সময়তে অকস্মাতে ঢলি পৰে তেওঁ ৷ ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ বিগত 41 দিন ধৰি তেওঁৰ চিকিৎসা চলি আছিল আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল ৷ চিকিৎসকে যেতিয়া তেওঁৰ মূৰৰ চিটি স্কেন কৰিছিল তেতিয়া মগজুৰ এটা অংশ ফুলি থকা দেখা গৈছিল । চিকিৎসা চলি থকাৰ মাজতে চিকিৎসকৰ দলে তেওঁৰ কেইবাবাৰো সম্বিত ঘূৰাই পোৱাৰ কথা সদৰি কৰিছিল ৷ ৰাজুৰ চিকিৎসাৰ সময়ত তেওঁক অমিতাভ বচ্চনৰ কণ্ঠও শুনোৱা হৈছিল ৷ ভেণ্টিলেটৰত থকা ৰাজুক কন্যা অন্তৰাইয়ো লগ কৰি পুনৰ সুস্থ হৈ উঠাৰ বাবে কাতৰ অনুৰোধ জনাইছিল ৷ AIIMS ত ৰাজুৰ এঞ্জিওপ্লাষ্টিও কৰা হৈছিল, য’ত হৃদযন্ত্ৰৰ এটা বৃহৎ অংশত 100% ব্লকেজ পোৱা গৈছিল । ইহসংসাৰত ৰাজুৱে পত্নী শিখা, কন্যা অন্তৰা, পুত্ৰ আয়ুষ্মান, জ্যেষ্ঠ ভাতৃ চি পি শ্ৰীবাস্তৱ, সৰু ভাতৃ দীপু শ্ৰীবাস্তৱ, ভতিজা মায়ংক আৰু মৃদুলক এৰি থৈ যায় ।

ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম সত্য প্ৰকাশ শ্ৰী বাস্তৱ । 1963 চনৰ 25 ডিচেম্বৰত কানপুৰৰ নয়াপুৰৱাত জন্মগ্ৰহণ কৰিছিল । 1993 চনত তেওঁ কমেডীৰ জগতখনত প্ৰৱেশ কৰে । 1980 চনত কানপুৰৰ পৰা মুম্বাইলৈ সপোন পূৰাবলৈ দৌৰিছিল তেওঁ | 1980 চনৰ পৰা মনোৰঞ্জন জগতৰ চিনাকি মুখ হিচাপে পৰিগণিত হোৱা শ্ৰীবাস্তৱে 2005 চনত ৰিয়েলিটী ষ্টেণ্ড-আপ কমেডী শ্ব’ The Great Indian Laughter Challengeৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰাৰ পিছত খ্যাতি লাভ কৰে ৷ শ্ৰীবাস্তৱে হিন্দী চলচ্চিত্ৰ যেনে Maine Pyar Kiya, Baazigar, Bombay to Goa আৰু Aamdani Atthani Kharcha Rupaiyaৰ ৰিমেকত অভিনয় কৰিছিল ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: