কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ভাৰতীয় ক্ৰিকেট কিংবদন্তী আৰু ভাৰতৰ মহিলা দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজে 

ভাৰতীয় ক্ৰিকেট কিংবদন্তী আৰু ভাৰতৰ মহিলা দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজে  মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । এই কথা ব্যক্ত কৰি অমিত শ্বাহে টুইট কৰে, “সৰ্বশ্ৰেষ্ঠ মহিলা বেটছমেন তথা প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ সৈতে বাৰ্তালাপ কৰোঁ । তেওঁৰ দুটা দশকজুৰি সফল কেৰিয়াৰে বহু সময়ত দেশলৈ সুনাম কঢ়িয়াই আনিছে । তেওঁ সমগ্ৰ বিশ্বৰ প্ৰতিজন উদীয়মান খেলুৱৈৰ বাবে অনুপ্ৰেৰণা” ৷

উল্লেখ্য, ১৯৯৯ চনত ১৬ বছৰ বয়সত আত্মপ্ৰকাশ কৰা মিতালী ৰাজে মহিলা ক্ৰিকেটত আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ লাভ কৰিছে । তেওঁ ২৩ বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় ক্ৰিকেটক প্ৰতিনিধিত্ব কৰিছিল । মিতালী ৰাজ হৈছে মাত্ৰ দুগৰাকী খেলুৱৈৰ মাজৰ এগৰাকী যিয়ে দুই শতাধিক এদিনীয়া মেচ খেলিছে । আনগৰাকী হৈছে তেওঁৰ দীৰ্ঘদিনীয়া সতীৰ্থ ঝুলন গোস্বামী  ।উল্লেখ্য, মিতালী ৰাজে সৰ্বাধিক সংখ্যক এদিনীয়া 232 খনত অংশগ্ৰহণ কৰিছে  । ২০০৫ আৰু ২০১৭ চনত আইচিচি মহিলা বিশ্বকাপৰ ফাইনেললৈ ভাৰতক নেতৃত্ব দিয়া মিতালী ৰাজ হৈছে একমাত্ৰ মহিলা ক্ৰিকেটাৰ আৰু ছয়খন আইচিচি (৫০ অ’ভাৰ) ক্ৰিকেট বিশ্বকাপত অংশগ্ৰহণ কৰা তৃতীয়গৰাকী ক্ৰিকেটাৰ ।

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

Rs 5-crore bell-metal entrepreneur’s loans to be written off

Guwahati: Assam chief minister Himanta Biswa Sarma, during a day-long visit to Barpeta district on 29 September, took part in a number of events...

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং। টুইট যোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী...

PFI নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া  আৰু ইয়াৰ সহযোগী বা সংযুক্ত মৰ্চাসমূহক ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিষিদ্ধ সংগঠন হিচাপে ঘোষণা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: