:: মহীষমৰ্দিনী আই দুৰ্গাদেৱী :: “যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা, নমস্তসৈ, নমস্তসৈ নমস্তসৈ নমো নমঃ”

Date:

Share post:

দীনবন্ধু কলিতা: শাৰদীয় বতৰ। ধৰালৈ নামিছে কুঁৱলি। নিয়ৰেও দুবৰিৰ লগত আলিংগন কৰিছে। চৌদিশৰ বিনন্দীয়া নৈসৰ্গিক দৃশ্যৰাজি অতি অনুপম–মন-প্ৰাণ পুলকিত কৰা অপৰূপ সৌন্দৰ্য! শেৱালীৰ আমোল মূল সুগন্ধীয়ে যেন শাৰদোৎসৱৰ আনন্দৰ বতৰা কঢ়িয়াই আনে। শুভ্ৰ  কঁহুৱাবোৰেও বতাহত প্ৰাণঢালি হালি-জালি আনন্দত মতলীয়া হয়। নীলা আকাশৰ বুকুৰে জাকে-জাকে উৰি যোৱা শৰালী, বগলীবোৰেও যেন শৰতৰ মোহনীয়া সৌন্দৰ্য্যক আৰু বেছি উপভোগ্য কৰিবলৈ ডেউকা মেলি, আনন্দত নাচি-বাগি উৰিছে। শাৰদীয় উৎসৱৰ উখল-মাখল বতৰ। হৃদয় উৎফুল্লিত কৰা প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্য। শেৱালীৰ দলিচা গচকি শৰতৰ কুঁৱলী ফালি মৰতলৈ যেন আগমন কৰে আই মহীষমৰ্দিনী দুৰ্গাই। কি যে মনোৰম বাতাবৰণ! বসন্ত আৰু শৰৎ দুটা ঋতুতে দুৰ্গাপূজা পালন কৰা হয়। চ’ত মাহৰ শুক্ল পক্ষৰ অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তীপূজা আৰু আহিন মাহৰ অৰ্থাৎ শৰৎ কালৰ দেৱীপক্ষৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা বুলি কোৱা হয়। আহিন মাহৰ শুক্লা প্ৰতিপদ তিথিৰ পৰা নবমীলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তত নৱৰাত্ৰী হিচাপে দুৰ্গোৎসৱ মহা সমাৰোহেৰে পালন কৰে। নৱৰাত্ৰীত পূজা কৰা দেৱী দুৰ্গাৰ নটা বিভিন্ন ৰূপ হ’ল-শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। হিন্দু ধৰ্মাৱলম্বী সকলে ব্ৰহ্মাদেৱক স্ৰজনকৰ্তা, বিষ্ণুদেৱক পালন-পোষণকৰ্তা আৰু প্ৰভু শংকৰক সংহাৰ কৰোতা হিচাবে মানি আহিছে। ব্ৰহ্মাদেৱৰ গভীৰ আৰাধনাৰে অমৰত্ব লভি পৰাক্ৰমী মহিষাসুৰ ত্ৰিভুবনৰ অধীশ্বৰ হৈ পৰিছিল। গুৰু-গোসাই একো নামানি সকলোৰে ওপৰত ভীষণ অত্যাচাৰ আৰম্ভ কৰিছিল। দেৱগনৰ ওপৰত হোৱা অত্যাচাৰে কালক্ৰমত চৰম সীমা পোৱাত তেওঁলোক বিষ্ণুদেৱৰ কাষ চাপিলে। দেৱগনৰ কৰুণ কথাবোৰ শুনি বিষ্ণুদেৱ অতি ক্ৰুধিত হ’ল। শেষত দেৱতা-প্ৰজা সকলোৰে এনে বিষাদপূৰ্ণ দুখ হৰণৰ নিমিত্তে ব্ৰহ্মা, বিষ্ণু আৰু প্ৰভু শংকৰে সন্মিলিত শক্তিৰে মহিষাসুৰ মৰ্দিনী দুৰ্গাদেৱীক সৃষ্টি কৰিলে। সংহাৰকাৰিণী দশভূজা দেৱীয়ে বিশ্বকৰ্মা, অগ্নি,বায়ু, যম, ব্ৰহ্মা, শিৱ, বিষ্ণু, বৰুণ, ইন্দ্ৰ আদি দেৱতাই অলংকৃত কৰা দহ বিধ অস্ত্ৰ ত্ৰিশূল, খড়্গ, চক্ৰ, বাণ, শক্তি, ঢাল, ধনু, ঘণ্টা, পৰশু, আৰু নাগপাশ আদি তেজস্বী অস্ত্ৰসমূহ দহখন হাতত ধাৰণ কৰি অসুৰ বধিবলৈ উদ্যত হ’ল।  শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা সম্পৰ্কে বহুবোৰ আখ্যান-উপাখ্যান সমাজত প্ৰচলিত আছে। হিন্দুশাস্ত্ৰত “দুৰ্গা” শব্দটিৰ ব্যাখ্যা এনেদৰে কৰা হৈছে: “দ” বৰ্ণই দৈত্য বিনাশ কৰে, উ-কাৰে বিঘ্ন নাশ কৰে, ৰেফে ৰোগ নাশ কৰে, “গ” বৰ্ণই পাপ নাশ কৰে আৰু অ-কাৰে শতুৰুক নাশ কৰে। ইয়াৰ অৰ্থ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু শত্ৰুৰ হাতৰ পৰা যি ৰক্ষা কৰে, তেঁৱেই দুৰ্গা। ” আনহাতে শব্দ কল্পদ্ৰুম মতে, দুৰ্গা শব্দৰ অৰ্থ হ’ল, “দুৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীৰ্তিতা”। অৰ্থাৎ যি দূৰ্গ সম দুৰ্যোগ, মহাবিঘ্ন, মহাভয়, সংকট আদি নাশ কৰিব পাৰে। দুৰ্গতিনাশিনী, শক্তিৰূপা দুৰ্গাদেৱী সকলো আসুৰিক অপশক্তিক নাশ কৰি মহিষাসুৰক নিধন কৰি, দেৱকুলক ৰক্ষা কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে আবিৰ্ভাৱ হৈছিল বুলি জনবিশ্বাস আছে। দুৰ্গাদেৱীৰ জন্ম গিৰিৰাজ হিমালয়ৰ ঔৰসত আৰু দেবী মেনকাৰ গৰ্ভত হৈছিল বুলি পুৰাণত উল্লেখ আছে। দেবাদিদেব ভগৱান, বাবা ভোলানাথ হ’ল তেঁওৰ স্বামী। ৰণচন্ডী, কালী, কাপালী, ভুৱনেশ্বৰী, চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰ সংহাৰিণী, নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি ১০৮ নামেৰে অভিহিতা দেৱী। ব্ৰহ্মবৈবৰ্ত পুৰাণত দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ বুলি উল্লেখ আছে।

সচৰাচৰ, পৰ্বতৰাজ হিমালয়ে দিয়া সিংহক বাহন হিচাবে লৈ দশ হন্তে দহ পাত শাণিত অস্ত্ৰ  ধাৰণ কৰি মহিষাসুৰক নিধন কৰাৰ নিমিত্তে উদ্যতা দেৱীৰ প্ৰতিমুৰ্তি বনোৱা হয়।  পাপনাশিনী দুৰ্গাদেৱীৰ সোঁহাতে ধন-ঐশ্বয্য-বিভুতি,সমৃদ্ধি আৰু বিকাশৰ অধিষ্ঠাত্ৰী লক্ষ্মীদেৱী আৰু সৰ্বসিদ্ধিদাতা গণেশদেৱক আৰু বাঁওহাতে বিদ্যাৰ অধিষ্ঠাত্ৰী বীণাপাণি সৰস্বতী দেৱী আৰু দেৱতা সকলৰ সেনাপতি বীৰ্যমান সৌন্দৰ্য্যৰ প্ৰতীক কাৰ্তিক বিদ্যমান। ধৰ্মপ্ৰাণ ৰাইজ, একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ প্ৰতীকি অর্থ নিহিত আছে। জগতৰ সকলো অশুভ শক্তিৰ প্রতীক হ’ল অসুৰ। এই আসুৰিক অশুভ শক্তিয়ে দশোদিশৰ পৰা আক্রমণ কৰি মানুহৰ জীৱন ধাৰণ দুর্বিষহ কৰি তোলে, জগতত ভয়াবহ দুর্যোগৰ সৃষ্টি কৰে। আদ্যাশক্তি দেৱী দুর্গাই দহহস্তে মহা তেজস্বী দহ অস্ত্ৰ ধাৰণ কৰি দশোদিশৰ এই মহা বীর্যৱন্ত অসুৰৰূপী অশুভ শক্তিবোৰক বিনাশ কৰি, হিংসা-দ্বেষ বিসৰ্জনেৰে বিদ্যা-বুদ্ধি, ঐশ্বৰ্য-বিভুতি, শিক্ষা দীক্ষাৰে বিশ্ববাসীৰ মাজত মহাশান্তি প্রতিষ্ঠা কৰে।
সত্যযুগত চৈত্ৰ বংশৰ ৰজা সুৰথে ৰাজ্যখনক শত্ৰুমুক্ত কৰিবলৈ বসন্ত কালত নৰ্মদা নদীৰ তীৰত সৰ্বপ্ৰথমে মৃণ্ময় মূৰ্ত্তি সাজি দশভূজা দুৰ্গাদেৱীৰ পূজা আয়োজন কৰিছিল বুলি কথিত আছে। ত্ৰেতা যুগত অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ প্ৰভু শ্ৰীৰামচন্দ্ৰই সীতা অপহৰণকাৰী মহাপৰাক্ৰমী স্বৰ্ণলংকা অধিপতি ৰাৱনক পৰাজিত  কৰাৰ নিমিত্তে শৰৎ কালত দুৰ্গাপূজাৰ আয়োজন কৰিছিল বুলি কৃত্তিবাসী ৰামায়নৰ লংকা কান্ডত উল্লেখ আছে। নিৰ্ধাৰিত সময়ৰ পূৰ্বে প্ৰচলিত ভাৰতীয় বিধিৰ বিপৰীতে গৈ পালন কৰা বাবে এই দুৰ্গাপূজাক ‘অকালবোধন’ শাৰদীয় দুৰ্গাপূজা বুলিও কোৱা হয়। মন কৰিবলগীয়া কথা যে বাল্মীকিয়ে লিখা ৰামায়নত দুৰ্গাপূজাৰ কোনো উল্লেখ নাই। প্ৰবাদ আছে যে সম্ৰাট আকবৰৰ ৰাজত্বকালত(১৫৫৬-১৬০৫) বংগদেশত তাহেৰপুৰৰ ৰজা কংস নাৰায়ণে সৰ্বপ্ৰথমে সৰ্বশত্ৰু বিনাশিনী দুৰ্গাদেৱীৰ পূজা কৰিছিল। কলিকতাত পোন প্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই দেৱী পূজাৰ প্ৰচলন কৰিছিল। পশ্চিমবংগৰ হুগলী জিলাৰ বাৰজন বন্ধুৱে মিলি বাৰোৱাৰী পূজাৰ আৰম্ভনি কৰিছিল বুলি জনা যায়। কাছিম বাজাৰৰ ৰজা হৰিৰাজে ১৮৩২ চনত বাৰোৱাৰী পূজাক কলিকতালৈ আনি উদযাপন কৰে । ৰজাই ইয়াৰ পুৰ্বে মুৰ্চিদাবাদত ১৮২৪ পৰা ১৮৩১ চনলৈ নিজৰ ৰাজবাৰিতে পূজাভাগ কৰিছিল।
ইতিহাসবিদ বেণুধৰ শৰ্মাৰ মতে স্বৰ্গদেউ মহাৰাজ প্ৰতাপ সিংহই (আহোম নাম চুচেংফা) নামদাং নৈৰ পাৰৰ ভটীয়াপাৰত মৰঙীয়াল খনিকৰৰ হতুৱাই প্ৰথমে দশভূজাৰ মৃণ্ময় মূৰ্ত্তি প্ৰতিষ্ঠা কৰি মহা-পয়োভৰেৰে অসমত দুৰ্গাপূজা পাতিছিল। ইয়াৰ আগলৈকে বিভিন্ন ধাতু, কাঠ-বাহেঁৰে মুৰ্ত্তি সাজি দেৱীৰ পূজা কৰা হৈছিল। অসমত দেৱী দুৰ্গায়েই দীৰ্ঘেশ্বৰী, ভুৱনেশ্বৰী, কামাখ্যা, মংগলচন্ডী, কেঁচাইখাইটী, উগ্ৰতাৰা, আই গোসাঁনী আদি ৰূপত পূজিত হয়। অসমত বিভিন্ন পৰম্পৰাৰ মাধ্যমত দেৱীৰ পূজা কৰা হয়; বৈদিক পদ্ধতি, প্ৰাকৃতিক পন্থা, বা বলি-বিধাণেৰেও দেৱীৰ পূজা কৰা দেখা যায় ।
মুঠতে দুৰ্গাপূজা মহোৎসৱ এক আনন্দৰ উৎসৱ যিয়ে সামাজিক বন্ধন দৃঢ় কৰাত যথেষ্ট সহায় কৰে–একতাৰ সেঁতু ৰচে। আত্মীয়তা, সহৃদয়তাৰে সকলোকে একতাৰ এনাজৰীৰে বান্ধ খুৱায় আৰু ভাতৃত্ববোধ জগাই তোলে। আমাৰ অসম মুলুকত হিন্দু, ইছলাম আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে দুৰ্গতিনাশিনীলৈ বিভিন্ন সামগ্ৰী আগবঢ়াই পূজা কৰা শক্তিপীঠো বিদ্যমান।  এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হোমৰ গন্ধই, ডবা, কাহ, শংখ, ঘণ্টাৰ সন্মিলিত সমলয়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়ে। হিংসা, দ্বেষ, কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰ দোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্য বিভূতি কামনা কৰে। মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: