প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং

Date:

Share post:

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং। টুইট যোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমানৰ শৰাইঘাট দলঙৰ কাষত ৰে’ল আৰু পথ সংযোগী দলং নিৰ্মাণৰ বাবে কেন্দ্ৰই ৯৯৬.৭৫ কোটি টকাৰ অনুমোদন আগবঢ়াইছে  । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি এক টুইটযোগে এই কথা জানিবলৈ দিয়ে  ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশক্তিৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ লক্ষ্যৰে গুৱাহাটীত বৰ্তমানৰ শৰাইঘাট দলঙৰ কাষত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰে’ল আৰু পথ সংযোগী দলঙৰ নিৰ্মাণৰ বাবে ৯৯৬.৭৫ কোটি টকা মোকলাই দিছে কেন্দ্ৰই । এই ব্যয় বহন কৰিব এন এইচ এ আই আৰু ৰে’ল মন্ত্ৰণালয়ে । টুইটযোগে পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে, এপ্ৰ’চ তথা ভিয়াডাক্টৰ নিৰ্মাণৰ ৩২২ কোটি টকাৰ ব্যয় সম্পূৰ্ণৰূপে এন এইচ এ আয়ে বহন কৰিব ।

মন্ত্ৰী গাডকাৰীয়ে লগতে কয় যে, দলংখনে অসমৰ উত্তৰ পাৰক দক্ষিণ পাৰৰ সৈতে অৰ্থাৎ দুয়োপাৰৰ গুৱাহাটীক সংযোগ কৰিব । তদুপৰি দলংখনে নদীখনৰ দুয়োপাৰে মসৃণ আৰু কৌশলগত সংযোগ প্ৰদান কৰিব ।ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীত দলং নিৰ্মাণৰ বাবে ৯৯৬.৭৫ কোটি টকা অনুমোদন জনোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰে ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: