ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে “ম’বাইল ক’ভিড ভেক্সিনেছন ভেন” সেৱা মুকলি

শিৱসাগৰ জিলাৰ সকলো গাঁও-চুবুৰীকে সামৰি ১৮ বছৰৰ ঊৰ্দ্ধৰ প্ৰতিগৰাকী লোককে ক’ভিড প্ৰতিষেধক দিয়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশ হিচাপে শিৱসাগৰত ৫ খন ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদান বাহন (ম’বাইল ক’ভিড ভেক্সিনেছন ভেন)ৰ সেৱা মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। উপায়ুক্ত কাৰ্য্যালয় প্ৰাংগণত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই বাহন কেইখনৰ চাবি আনুষ্ঠানিকভাৱে জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী বৰা হাজৰিকাৰ হাতত প্ৰদান কৰে৷ ইয়াৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিষেধক অভিযানৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰাৰ অৰ্থে এখন বৈঠকত মিলিত হয়। উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত উপায়ুক্ত মেঘ নিধি দাহালে স্বাস্থ্যমন্ত্ৰীগৰাকীক জিলাখনৰ সাম্প্ৰতিক ক’ভিড-১৯ ব্যৱস্থাপনা আৰু ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ বিষয়ে বিতংভাৱে অৱগত কৰে। তেওঁ অহা ১৭ ছেপ্টেম্বৰ তাৰিখে জিলাখনত মেগা প্ৰতিষেধক অভিযান চলোৱা হ’ব বুলিও অৱগত কৰে।

৩৮,০০০ পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা এই অভিযান কালত ১৬০ টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। এই অভিযানত অতিৰিক্ত ভেৰিফায়াৰ হিচাপে বিদ্যালয়ৰ শিক্ষক সকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰি নিয়োজিত কৰা হ’ব বুলিও তেওঁ কয়। পৰ্য্যালোচনা বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অতিমাৰী ক’ভিড-১৯ প্ৰতিহত কৰিবলৈ সাম্প্ৰতিক সময়ত ক’ভিড প্ৰতিষেধকেই একমাত্ৰ অৱলম্বন বুলি উল্লেখ কৰে। তেওঁ অহা ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মেগা প্ৰতিষেধক অভিযানৰ পূৰ্ণ সফলতাৰ বাবে জিলা প্ৰশাসনক তৃণমূল পৰ্য্যায়ৰ পৰা সমাজৰ প্ৰতিটো স্তৰতে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়।

এই অভিযান ফলপ্ৰসূ কৰাৰ অৰ্থে তেওঁ এক যথোপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰাৰ পোষকতা কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে, যিসকল ব্যক্তিয়ে বৰ্তমানলৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা নাই, তেওঁলোকে ভৱিষ্যতে চৰকাৰী আঁচনিৰ সুফল লাভ কৰাৰ পৰাও বিৰত থাকিব লাগিব পাৰে। তেওঁ চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, শ্বপিং ম’ল, দোকান, ব্যৱসায়ীক প্ৰতিষ্ঠান, বজাৰ আদিত সকলোৱে ক’ভিড প্ৰতিষেধক লোৱাৰ ঘোষণাৰে ৰাজহুৱাকৈ জাননী ফলক অঁৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ বাবে আগতীয়াকৈ সজাগতা বৃদ্ধিৰ কাৰ্য্যসূচী গ্রহণ কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে।

বৈঠকত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যৰ স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক তথা ক’ভিড প্ৰতিষেধকৰ ৰাজ্যিক ন’ডেল বিষয়া মুনীন্দ্ৰনাথ নাটে, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অশ্বিনী দলে, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, কৰ্মদেৱ ব্ৰহ্ম আৰু চন্দনা বৰুৱা, মহকুমাধিপতি (সদৰ) ডঃ মন্দিৰা বৰুৱা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা আৰু সমাজসেৱিকা সুৰভি ৰাজকুঁৱৰী উপস্থিত থাকে।

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

মহিলা কৰ্মচাৰীৰ বাবে মাহেকীয়া ছুটী, Swiggyয়ে ঘোষণা কৰিলে নতুন নীতি

ঋতুস্ৰাৱ হৈছে সকলো মহিলাৰ মাহেকীয়া সমস্যা। ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে বিভিন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে নিজৰ মহিলা কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অনলাইন খাদ্য বিতৰণ কোম্পানী...

ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযানত উৎকোচ লৈ হাতে লুটে ধৰা পৰিল জিএমচিৰ সহকাৰী অভিযন্তা

আজি ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযান চলাই। অভিযানত গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালীক উৎকোচ লোৱাৰ সময়ত হাটে লোটে ধৰা পৰে। আজি...

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন মায়ানগৰী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড। দক্ষিণ মুম্বাইৰ লালবৌগ অঞ্চলৰ এটা আৱাসিক এপাৰ্টমেন্টৰ ১৯ নম্বৰ...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: