প্ৰকাশ পালে ২০২১ৰ ধনী ফুটবলাৰ তালিকা

Date:

Share post:

২০২১ বৰ্ষৰ বাবে বিশ্বৰ ধনী ফুটবলাৰৰ তালিকা প্ৰকাশ কৰিছে ফৰ্বছে।

শেহতীয়াভাৱে প্ৰকাশিত ফৰ্বছৰ তালিকা অনুসৰি মানচেষ্টাৰ য়ুনাইটেডৰ তাৰকা ফুটবলাৰ তথা পৰ্টুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোণাল্ডো তালিকাৰ শীৰ্ষত আছে।

প্ৰকাশ পালে বিশ্বৰ ধনী ফুটবলাৰৰ তালিকা।
এই তালিকাত স্থান লাভ কৰিলে পেৰিছ চেইণ্ট জাৰ্মানৰ তিনিজন ফুটবলাৰ ক্ৰমে লিঅ’নেল মেছি, নেইমাৰ আৰু এবাপ্প। ইয়াৰ লগতে বিশ্বৰ ধনী ফুটবলাৰৰ তালিকাত স্থান লাভ কৰিছে লিভাৰপুলৰ মহম্মদ চালাহেও।
ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে ১২৫ মিলিয়ন য়ুএছ ডলাৰ উপাৰ্জনেৰে শীৰ্ষ স্থানত থকাৰ বিপৰীতে, মেছিয়ে ১১০ মিলিয়ন য়ু এছ ডলাৰ, নেইমাৰে ৯৫ য়ু এছ ডলাৰ, এমবাপ্পে ৪৩ মিলিয়ন ডলাৰেৰে ক্ৰমে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত থাকে।
লিভাৰপুলৰ মহম্মদ চালাহে ৪১ মিলিয়ন য়ু এছ ডলাৰ আয়েৰে বিশ্বৰ ধনী ফুটবলাৰৰ তালিকাৰ পঞ্চম স্থান অধিকাৰ কৰিছে।
উল্লেখ্য যে, বিগত বৰ্ষৰ ফৰ্বছৰ বিশ্বৰ ধনী ফুটবলাৰৰ তালিকাতো ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে শীৰ্ষস্থান অধিকাৰ কৰি আছিল।

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকত
প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: