“বজাৰত জ্বলিছে জুই বৰ্তমান চৰকাৰ আছে শুই” – ৰকিবুল হুছেইন

প্ৰাগজ্যোতিষ অসম বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৪ নবেম্বৰ:-
“বজাৰত জ্বলিছে জুই বৰ্তমান চৰকাৰ আছে শুই” – বিধায়ক ৰকিবুল হুছেইন।
নগাঁও জিলাৰ চামগুৰিত আজি কংগ্ৰেছ দলে জনজাগৰণ অভিযানৰ কাৰ্যসূচী অনুষ্ঠিত কৰে৷ অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু বিত্তীয় ব্যৱস্থাপনাৰ ভূল পৰিচালনাৰ বিৰুদ্ধে আজি জনজাগৰণ অভিযান কাৰ্যসূচীত কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে চামগুৰি তিনিআলিৰ পৰা বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়লৈ পদযাত্ৰা কৰি তাতে এখন সভা অনুষ্ঠিত কৰে৷
পদযাত্ৰাৰ অন্তত বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা সভাখনত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈসহ উপস্থিত থকা কংগ্ৰেছৰ বিধায়কসকলে বিজেপি শাসনাধীন চৰকাৰ খনৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে৷ নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি তপন কুমাৰ শৰ্মাই আতঁধৰা সভাখনত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত কয় যে, কংগ্ৰেছ দলে সদায় দুখীয়া মানুহৰ কথা চিন্তা কৰে কিন্ত বিজেপিয়ে সদায় পুজিপতিৰ কথা চিন্তা কৰে গতিকে ৰাইজক সজাগ আৰু সচেতন হবলৈ আহ্বান জনায়।
চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰি ভাষণ প্ৰসংগত বিজেপি চৰকাৰ খনক কেঁচা মাটিৰ গোন্ধ লবলৈ আহ্বান জনাই তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হয়।
কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰা উক্ত জনজাগৰণ অভিযানত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰা, লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিক নাজাৰ, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুল চৌভান চৰকাৰৰ লগতে কংগ্ৰেছ নেতা সুৰেশ বৰাকে ধৰি বহুকেইজন কংগ্ৰেছ নেতাই অংশ গ্ৰহণ কৰে।

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!