আজি লাচিত দিৱস! লাচিত দিৱসৰ দিনা অসমৰ বীৰ পুৰুষজনক সোঁৱৰণ..

আজি লাচিত দিৱস! লাচিত দিৱসৰ দিনা অসমৰ বীৰক সোঁৱৰণ..
আজি লাচিত দিৱস। আজি সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰিছে শৰাইঘাট ৰণৰ বীৰনায়ক লাচিত বৰফুকনক। লাচিত দিৱসৰ দিনা বীৰ পুৰুষজনৰ বিষয়ে কিছু কথা সোৱৰিলো..
লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জী ত তেখেতৰ নাম আজিও জিলিকি আছে।
লাচিত বৰফুকনৰ পিতৃ মোমাই তামূলী বৰবৰুৱা আছিল আহোম ৰজা প্ৰতাপ সিংহ ডাঙৰ বিষয়া। লাচিত আছিল মোমাই তামূলীৰ নুমলীয়া পুত্ৰ।
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লোৱাৰ লগতে লাচিত বৰফুকন আছিল কৰ্তব্য পৰায়্ণ, কৰ্মনিষ্ঠা, সততা আদি গুণেৰে পৰিপুৰ্ণ। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ’ল লুখুৰাখন ফৈদ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।
লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন (শিমলুগুৰীৰ দুৰ্গৰ সেনাপতি), দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন হৈছিল। দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেউৰ চকুত পৰে ।
ৰজা চক্ৰধ্বজ সিংহই লাচিতক এখন সোনোৱালী হেংদাং পুৰস্কাৰ দি সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰে। তাৰ পাছতে লাচিতে দেহে কেহে খাতি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষন দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে।
“দেশতকৈ মোমাই ডাঙৰ নহয়”
প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেষ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱাই। নিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছতে ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈ উছে। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ।
শৰাইঘাটৰ যুদ্ধৰ এবছৰৰ পিছতে ১৬৭২ চনৰ এপ্ৰিলত কলিয়াবৰত লাচিত বৰফুকনৰ মৃত্যু হয়। যুদ্ধৰ সময়ত হোৱা জ্বৰৰ ফলত তেওঁৰ মৃত্যু হোৱা নাছিল। এইয়া আহোম আৰু মোগলৰ মাজত অন্তিম যুদ্ধ নাছিল আৰু পিছত গুৱাহাটী মোগলে পুনৰ দখল কৰিছিল। ১৬৭৯ চনত লাচিত বৰফুকনৰ নিজ ভাতৃ লালুক সোলা বৰফুকনে গুৱাহাটীক মোগলৰ অধীনলৈ নিবৰ বাবে ইয়াক আহোম ৰাজ্যৰ পৰা পৃথক কৰে। অৱশেষত, মোগলে গুৱাহাটী দখল কৰে আৰু ১৬৮২ চনলৈকে নিজৰ অধীনত ৰাখে। গদাধৰ সিংহ আহোমৰ ৰাজপাটত উঠাৰ পিছত গুৱাহাটী দখল কৰে। এনেকৈয়ে কামৰূপত মোগল ৰাজত্বৰ সমাপ্ত হয়।

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!