“চামগুৰিত অতি শীঘ্ৰে চৰকাৰী বেদখলীকৃত ভূমি উচ্ছেদ কৰা হ’ব” – মন্ত্ৰী যোগেন মহন

প্ৰাগজ্যোতিষ অসম বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৩ নৱেম্বৰ
“চামগুৰিত অতি শীঘ্ৰে চৰকাৰী বেদখলীকৃত ভূমি উচ্ছেদ কৰা হ’ব” – মন্ত্ৰী যোগেন মহন।
নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ আজি ৰাইজৰ বাবে আগবঢ়োৱা বসুন্ধৰা আঁচনিৰ বুজ লয় মন্ত্ৰী যোগেন মহনে৷
প্ৰায় এক ঘণ্টা ধৰি বাজহ চক্ৰ কাৰ্যালয়টোত অতিবাহিত কৰাৰ সময়তে স্থানীয় ৰাইজে মন্ত্ৰী মহনক দালালৰাজ সন্দৰ্ভত অভিযোগ দিয়া পৰিলক্ষিত হয়।
চামগুৰিৰ গেৰুৱামুখ গাঁৱৰ কাৰ্যালয়টোৰ লাট মণ্ডল আৰু বিষয়াই জালিয়াতি কৰি তেওঁলোকৰ পৈতিক সম্পত্তিৰ ছয় কঠা ভূমি অনাঅসমীয়া লোকৰ হাতলৈ হস্তান্তৰ কৰাৰো অভিযোগ দিয়ে জয়ন্ত দাস নামৰ যুৱক এজনে। মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজহ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। অতি শীঘ্ৰেই চামগুৰিত চৰকাৰী বেদখলীকৃত ভূমি উচ্ছেদ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
ইতিমধ্যে চক্ৰ বিষয়াক যাৱতীয় সকলো তথ্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেখেতে প্ৰকাশ কৰে। জনগোষ্ঠীয় ভূমিৰ কাম কাজ সমূহ পৰিচালনা কৰিবলৈ চামগুৰিত বিশেষ কমিটি গঠন কৰিবলৈও বিভাগক নিৰ্দেশ দিয়ে। মিছন বসুন্ধৰাৰ জৰিয়তে ৰাজ্যখনত বৰ্তমানলৈকে দুই লক্ষাধিক ভূমি সংক্ৰান্তীয় আবেদন গ্রহণ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

 

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!